সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত প্ৰতি মাহৰ প্ৰথমটো শনিবাৰে সম্পন্ন হৈ অহা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কাৰ্যসূচীয়ে ইতিমধ্যে দুটা বছৰ সম্পূৰ্ণ কৰিলে। ২০২৩ বৰ্ষৰ ৬ মে' তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগত এই স্বাস্থ্য শিবিৰ আৰম্ভ হৈছিল। সৰুপথাৰ অঞ্চলৰ বিভিন্ন ঠাইত, ভিন ভিন শিক্ষানুষ্ঠানত ইমান নিয়াৰিকৈ নিস্বাৰ্থভাৱে এই কাম কৰাত সদায় মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে সৰুপথাৰ অসামৰিক চিকিৎসালয়ৰ সন্মানীয় অধীক্ষক, জ্যেষ্ঠ চিকিৎসক ডাঃ অজিত গগৈ আৰু তেওঁৰ সহযোগীসকলে। তেখেতসকলৰ এই সেৱাৰ মনোবৃত্তিক সৰুপথাৰ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে প্ৰণাম জনাইছে। এই সেৱাৰ দ্বাৰা বৃহত্তৰ সৰুপথাৰ অঞ্চলৰ বহুজন উপকৃত হৈছে। আজি দুবছৰীয়া বৰ্ষপূতিত আমাৰ কলেজতে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। ডা.গগৈদেৱ আৰু সহযোগী চিকিৎসকবৃন্দ, নাৰ্ছ তথা অন্যান্য সহকাৰী সকলোলৈকে অন্তৰভৰা শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অধ্য়ক্ষৰ লগতে পৰিয়ালবৰ্গই। চিকিৎসা শিবিৰৰ দলটোলৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়।













