জুবিন গাৰ্গ আৰু নাই ৷ এটা যুগৰ অৱসান । স্তব্ধ হ'ল জোনাক নিশাৰ গান গোৱা এগৰাকী জনপ্ৰিয় শিল্পীৰ দূৰন্ত গতি। ১৯ ছেপ্তেম্বৰ, ২০২৫ তাৰিখ শুক্ৰবাৰে চিৰ দিনৰ বাবে হেৰাই গ'ল জুবিন গাৰ্গ।
গীতেৰে-সুৰেৰে লাখ লাখ অনুৰাগীৰ আমঠুৰ শিল্পীগৰাকীয়ে ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ত অংশ ল’বলৈ গৈ অনাকাংক্ষিতভাৱে মৃত্য়ুক আকোৱালি লয়। ছিংগাপুৰত সাগৰত সাতুৰিবলৈ গৈ পানীত অচেতন হয় শিল্পীগৰাকী ৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ শুক্ৰবাৰে দুপৰীয়া আহে সেই দুঃখবৰটো- জুবিন গাৰ্গ আৰু নাই ৷
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে সকলোকে মৰ্মাহত কৰিছে। দেশ বিদেশত জুবিন গাৰ্গৰ অনুৰাগীয়ে প্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শুক্ৰবাৰে সন্ধিয়া সৰুপথাৰ মহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰীয়েও হাতে হাতে ম'ম জ্বলাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
২০ ছেপ্তেম্বৰ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলে কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে।







