৯ আগষ্ট, ২০২৫ তাৰিখে আগষ্ট মাহৰ দ্বিতীয়টো শনিবাৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ সহযোগত প্ৰতি মাহৰ প্ৰথমটো শনিবাৰে অনুষ্ঠিত কৰি অহা এই মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ এইবাৰ সম্পন্ন কৰা হয় সৰুপথাৰ মহাবিদ্যালয়ত। অৱশ্যে আগষ্ট মাহৰ প্ৰথমটো শনিবাৰ নহৈ দ্বিতীয়টো শনিবাৰেহে এই শিবিৰ সম্পন্ন কৰিব পৰা গ'ল। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-কৰ্মচাৰীসকলেও এই শিবিৰত অংশ গ্ৰহণ কৰে। সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ সন্মানীয় ড০ অজিত গগৈ ডাঙৰীয়া, চিকিৎসকবৃন্দৰ লগতে সমূহ বিষয়ববীয়ালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।




