Free Medical Camp at No. 2 Podumoni Anganwadi Centre, Sarupathar

Home >NewsEvent >Free Medical Camp at No. 2 Podumoni Anganwadi Centre, Sarupathar

১৪ মাৰ্চ, ২০২৬ তাৰিখ, শনিবাৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ অন্তৰ্গত ২ নং পদুমণি অংগনবাদী কেন্দ্ৰত এক গুৰুত্বপূৰ্ণ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন হৈ যায়। সৰুপথাৰ মহাবিদ্যালয়ৰ বিশেষ উদ্যোগত আৰু সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ সক্ৰিয় সহযোগত এই জনহিতকৰ কাৰ্যসূচীটোৰ আয়োজন কৰা হৈছিল। মাৰ্চ মাহৰ এই মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ মূল লক্ষ্য আছিল অঞ্চলটোৰ গ্ৰাম্য জনসাধাৰণক উন্নত মানৰ স্বাস্থ্য সেৱাৰ সৈতে পৰিচিত কৰোৱা আৰু তেওঁলোকৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰা। শিবিৰত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে সাধাৰণ স্বাস্থ্য পৰীক্ষা, ৰক্তচাপ নিয়ন্ত্ৰণ, আৰু বিভিন্ন ৰোগৰ পৰামৰ্শ প্ৰদান কৰা হয়। স্বাস্থ্য শিবিৰ সুচাৰুৰূপে পৰিচালিত হোৱাৰ পিছত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে শিবিৰটোৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।