৫এপ্ৰিল, ২০২৫
এপ্ৰিল মাহৰ প্ৰথমটো শনিবাৰ। ২০২৩ বৰ্ষৰ পৰা সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু সৰুপথাৰ সমজিলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত প্ৰতি মাহৰ প্ৰথমটো শনিবাৰে বিভিন্ন ঠাইত এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহা হৈছে। এই শিবিৰ সম্পন্ন কৰা হয় সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, ছাত্ৰ-ছাত্ৰী সমন্বিতে শিক্ষক-কৰ্মচাৰীসকলৰ বাবে।







