১৯ মে', ২০২৫ তাৰিখৰ পৰা সৰুপথাৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক ১ম বৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিয়মীয়া পাঠদান আৰম্ভ হৈছে। ২য় বৰ্ষৰ শ্ৰেণীসমূহো চলি আছে। এয়া আজিৰ নতুন ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰথমখন প্ৰাত:সভা। বৰ্তমান মহাবিদ্যালয়খনে সাজু হৈ আছে কলা আৰু বাণিজ্যৰ স্নাতক ১ম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীক আদৰিবলৈ। মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।



