সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সতীৰ্থ সন্মিলন (Politica: The Satirtha Sanmilan)।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সতীৰ্থ সন্মিলন (Politica: The Satirtha Sanmilan)।
সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সতীৰ্থ সন্মিলন (Politica: The Satirtha Sanmilan)ঃ  কাৰ্বি আংলঙৰ দেওপানীৰ প্ৰাকৃতিক পৰিৱেশত মননশীল আলোচনা।
 
২৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে শৈক্ষিক পৰিৱেশৰ মাজৰ পৰা আহি প্ৰকৃতিৰ বুকুত সতীৰ্থৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ লক্ষ্যৰে সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত  দিনজোৰা কাৰ্যসূচীৰে সতীৰ্থ সন্মিলন (Politica: The Satirtha Sanmilan) অনুষ্ঠিত হয়। কাৰ্বি আংলং জিলাৰ অতি মনোৰম পৰ্যটন স্থলী দেওপানীত এই সন্মিলনখনৰ আয়োজন কৰা হয়। উক্ত স্থানতেই আছে ঐতিহ্যমণ্ডিত দেওপানী দূৰ্গা মন্দিৰ। শৈক্ষিক ব্যস্ততাৰ মাজতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ মানসেৰে এই ভ্ৰমণ তথা সন্মিলনৰ কাৰ্যসূচী হাতত লোৱা হৈছিল। দেওপানী দূৰ্গা মন্দিৰ, সেউজীয়া পাহাৰৰ নান্দনিক পৰিৱেশত বিভাগৰ সতীৰ্থসকল একগোট হৈ দিনটো অতি উলহ-মালহেৰে উদযাপন কৰে। সতীৰ্থ সন্মিলনত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰায় ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ তেওঁলোকৰ সৈতে উপস্থিত থাকে ৰাজনীতি বিজ্ঞান  বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয়ৰ উপাধ্যক্ষ শ্ৰীযুত জয়ন্ত বৰা, সন্মানীয় অধ্যাপক ড° ৰিদিপ খনিকৰ, অধ্যাপিকা মেৰিলিন ইংতিপি । সন্মিলনৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন মননশীল আলোচনা অনুষ্ঠিত হয়। জ্যেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অভিজ্ঞতা বিনিময় হোৱাৰ লগতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক আৰু সামাজিক দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। দেওপানীৰ প্ৰাকৃতিক শোভা উপভোগ কৰাৰ লগতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে গীত-মাত আৰু নৃত্যৰে পৰিৱেশটো জীপাল কৰি তোলে। সন্মিলনৰ শেষত বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে মিলি এক প্ৰীতি ভোজৰ আয়োজন কৰে। সকলোৱে একেলগে ভোজন কৰি একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। দিনজোৰা এই কাৰ্যসূচীয়ে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বন্ধুত্বৰ এনাজৰীডাল অধিক কটকটীয়া কৰাত সহায় কৰিব বুলি বিভাগীয় মুৰব্বী জয়ন্ত বৰাই আশা প্ৰকাশ কৰে। শেষত, এক আনন্দদায়ক স্মৃতি বুকুত বান্ধি বিয়লি বেলা সতীৰ্থ সন্মিলনৰ সফল সামৰণি পৰে।