5 ফেব্ৰুৱাৰী, 2025 তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্য়ক্ষ ড০ প্ৰাপ্তি ঠাকুৰে লাভ কৰে 'ভাৰত গৌৰৱ বঁটা'। কৰ্ণাটকৰ ভাৰতীয় সাংস্কৃতিক উৎসৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অধ্য়ক্ষ ঠাকুৰক প্ৰদান কৰা হয় 'ভাৰত গৌৰৱ বঁটা'।
উল্লেখ্য যে 2024 বৰ্ষৰ ডিচেম্বৰ মাহত ঘোষণা হৈছিল ‘ভাৰত গৌৰৱ বঁটা’৷ জীৱ-জন্তুৰ প্ৰতি দেখুৱাই অহা আন্তৰিকতা আৰু যত্নৰ বাবে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ প্ৰাপ্তি ঠাকুৰে লাভ কৰিছে ‘‘ভাৰত গৌৰৱ বঁটা’’৷ 5 ফেব্ৰুৱাৰী, 2025 তাৰিখে কৰ্ণাটকৰ চেডামত ভাৰতীয় সাংস্কৃতিক উৎসৱত এই বঁটা প্ৰদান কৰা হ’ল ৷ ভাৰত বিকাশ সংগম নামৰ ৰাষ্ট্ৰীয় সংস্থাটোৱে আগবঢ়াইছে ৰাষ্ট্ৰীয় বঁটা ‘‘ভাৰত গৌৰৱ’’৷
ড॰ প্ৰাপ্তি ঠাকুৰে শৈক্ষিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ বিকাশ আৰু উত্তৰণৰ বাটত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ লগতে তেওঁৰ জীৱ-জন্তুৰ প্ৰতি মহানুভৱতা, প্ৰেম, ভালপোৱাই সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ৷ বিশেষকৈ ড॰ ঠাকুৰে ‘‘প্ৰাপ্তি ফাউণ্ডেচন’’ৰ জৰিয়তে নিজা প্ৰচেষ্টাৰে ৰাস্তাৰ কুকুৰ আৰু জীৱ-জন্তুৰ বাবে দীৰ্ঘদিন ধৰি খাদ্য যোগান ধৰাৰ লগতে চিকিৎসা-সেৱা প্ৰদান কৰি এক ব্যতিক্ৰমী নিদৰ্শন ডাঙি ধৰিছে৷ উল্লেখযোগ্য যে কুকুৰৰ বাবে প্ৰাপ্তি ফাউণ্ডেচনৰ উদ্যোগত এটি আশ্ৰয়গৃহ নিৰ্মাণ কৰিছে৷ য’তকুকুৰবোৰক খাদ্য যোগান ধৰাৰ উপৰিও স্বাস্থ্যৰ যতন লোৱা হয়৷ এই আশ্ৰয়গৃহ শতাধিক কুকুৰ ৰখাৰ ব্যৱস্থা আছে৷





