২০ জুন ২০২৫ তাৰিখে, সৰুপথাৰ মহাবিদ্যালয় সাংস্কৃতিক কোষৰ উদ্যোগত আৰু মহিলা কোষৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে। ছাত্ৰ বিশ্বজিৎ শইকীয়াৰ বিষ্ণুৰাভাৰ গীতত নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানটোৰ আঁত ধৰে মহিলা কোষৰ আহ্বায়িকা তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ববিতা দত্তই। বিষ্ণু ৰাভাৰ 'ব্যক্তিত্ব আৰু কৃতি' সম্পৰ্কত বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই। কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে কবিতা আবৃত্তি, বিষ্ণুৰাভাৰ গীত পৰিবেশন, বিষ্ণুৰাভাৰ গীতত নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। মহাবিদ্যালয়ৰ সমূহ শিক্ষক -কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী অনুষ্ঠানত উপস্থিত থাকে।






