45-day workshop of handloom training for local women

Home >NewsEvent >45-day workshop of handloom training for local women

১৬ আগষ্ট, ২০২৫ৰ পৰা IIE (INDIAN INSTITUTE OF ENTREPRENEURSHIP) ৰ পৃষ্ঠপোষকতা আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত প্ৰেমহৰা গাঁও পঞ্চায়তত স্থানীয় মহিলাসকলৰ বাবে এটি তাঁতশাল প্ৰশিক্ষণৰ ৪৫ দিনীয়া কৰ্মশালা আৰম্ভ কৰা হৈছে। মহিলাসকলৰ স্বনিয়োজন আৰু সবলীকৰণৰ উদ্দ্যেশ্যেৰে আয়োজিত এই কৰ্মশালাত মুঠ ১২০ গৰাকী মহিলাই অংশ গ্ৰহণ কৰিছে। মুখ্য তত্ত্বাৱধায়ক তথা প্ৰশিক্ষক হিচাপে নৱ গগৈ ডাঙৰীয়া কৰ্মশালাটিৰ সামগ্ৰিক দায়িত্বত আছে।  ইয়াৰ জৰিয়তে স্বনিয়োজনৰ ক্ষেত্ৰত মহিলাসকল আৰু এখোজ আগবাঢ়ি যাব পাৰিব। উল্লেখযোগ্য যে এই বছৰত IIE ৰ সহযোগত মহিলা স্বনিয়োজনৰ ক্ষেত্ৰত এইটো সৰুপথাৰ মহাবিদ্যালয়ৰ দ্বিতীয়টো কৰ্মশালা ।