৮০ সংখ্যক স্বাধীনতা দিৱসত সৰুপথাৰ মহাবিদ্যালয়ৰ সাফল্য।

Home >NewsEvent >৮০ সংখ্যক স্বাধীনতা দিৱসত সৰুপথাৰ মহাবিদ্যালয়ৰ সাফল্য।
যাত্ৰা অসীম অনন্ত...
 
১৫ আগষ্ট, ২০২৬ তাৰিখে সৰুপথাৰ সমজিলা প্ৰশাসনে সৰুপথাৰবাসী ৰাইজৰ সহযোগত উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস। সৰুপথাৰ সমজিলাৰ ছেৱাগুৰি খেলপথাৰত আয়োজিত পেৰেড প্ৰতিযোগিতাত বিগত বছৰবোৰৰ দৰে এইবাৰো সৰুপথাৰ মহাবিদ্যালয়ৰ এন চি চি দলে শ্ৰেষ্ঠ দল আৰু ছাত্ৰ বিক্ৰম বসুমতাৰীয়ে শ্ৰেষ্ঠ কামাণ্ডাৰৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। সমান্তৰালকৈ ষষ্ঠ ষান্মাসিকৰ বাণিজ্য শাখাৰ চমকপ্ৰদ সফলতাৰ (এশ শতাংশ উত্তীৰ্ণ) বাবে সৰুপথাৰ সমজিলা প্ৰশাসনে  সৰুপথাৰ মহাবিদ্যালয়লৈ বিশেষ সম্বৰ্ধনা আগবঢ়ায়। এই সন্মানৰ বাবে সমজিলা আয়ুক্ত শ্ৰীযুতা মিতালী লহকৰ বাইদেউ প্ৰমুখ্যে সংশ্লিষ্ট সকলোলৈকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়াই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনায়।