International Day For Biological Diversity 2025

Home >NewsEvent >International Day For Biological Diversity 2025
২২ মে', ২০২৫
আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস(International Day For Biological Diversity)উপলক্ষ্যে আজি সৰুপথাৰ মহাবিদ্যালয়ৰ মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত আয়োজিত এটি বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট পৰিবেশবিদ, সুলেখক শ্ৰীকুশদীপ হাতীমতা। জৈৱ-বৈচিত্ৰ্যৰ সংজ্ঞা, প্ৰয়োজন আৰু সংৰক্ষণ সম্পৰ্কীয় মনোগ্ৰাহী বক্তৃতা প্ৰদানেৰে তেখেতে ছাত্ৰ-ছাত্ৰী সমন্বিতে শিক্ষক-কৰ্মচাৰী সকলোকে আপ্লুত কৰে। অনুষ্ঠানটিৰ আঁত ধৰে ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক শ্ৰীপ্ৰাঞ্জল দত্তই। শ্ৰীহাটীমতা প্ৰমুখ্যে সংশ্লিষ্ট সকলোলৈকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।