শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগ আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত ২৮ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হয় 'যুৱ প্ৰজন্মৰ ব্যক্তিত্ব বিকাশত আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্যবোধৰ প্ৰয়োজনীয়তা' শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতানুষ্ঠান। মহাপুৰুষীয়া বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধক্ষ্য ড০ প্ৰাপ্তি ঠাকুৰে। সংঘৰ সম্পাদক শ্ৰীযুত কুশল ঠাকুৰীয়াই উদ্বোধন কৰা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাণোদীপ্ত বক্তব্য আগবঢ়ায় শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ সম্পাদক অচ্যুতকৃষ্ণ কলিতাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ প্ৰফুল্ল কলিতাদেৱ। শেষত শলাগৰ শৰাই আগবঢ়ায় বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যপক সত্যব্ৰত দত্তই। ধনশিৰি শাখা সমিতিৰ সুন্দৰ ব্যৱস্থাপনাৰে এনে এটি গুৰুত্বপূৰ্ণ তথা চিৰ প্ৰাসংগিক বিষয়ত এই সাৰুৱা বক্তৃতানুষ্ঠানটিৰ আয়োজনে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব।











