বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত সৰুপথাৰ মহাবিদ্যালয়।
২৩ জানুৱাৰী ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত অতি উলহ-মালহৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে মহাবিদ্যালয়ৰ চৌহদ এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছিল। পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতীৰ চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰি আশীৰ্বাদ লয়। পূজাৰ অন্তত উপস্থিত সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰা হয়। সৰস্বতী পূজা কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই শিক্ষাৰ্থীসকলৰ মাজত একতা আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰো এক মাধ্যম। সৰুপথাৰ মহাবিদ্যালয়ৰ এই ধাৰাবাহিক পৰম্পৰাই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশক অধিক সজীৱ কৰি তোলে। উল্লেখযোগ্য যে জ্ঞান, কলা আৰু বিদ্যাৰ দেৱী সৰস্বতীক সন্তুষ্ট কৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজাৰ ব্যাপক আয়োজন হয় । বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতীৰ বন্দনাৰে মুখৰিত কৰি তোলে। ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যাৰ অৰ্জনৰ বাবে আশিস বিচৰা এক প্ৰধান পৰম্পৰা। ধৰ্মীয় ভেদাভেদ নোহোৱাকৈ সকলোৱে মিলি সৰস্বতী পূজা উদযাপন কৰা দেখা যায়।







