২৯ আগষ্ট, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হয় 'নৱাগত আদৰণী সভা' ২০২৬ । কাৰ্যসূচী অনুসৰি নবাগত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ পিছতেই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে নবাগতসকলক উদ্দেশি আদৰণি ভাষণ প্ৰদান কৰাৰ সমান্তৰালকৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাজ বড়োৱে ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে শ্ৰদ্ধাৰ সুবক্তা,গায়ক, আবৃত্তিকাৰ সন্মানীয় ডাঃ অঞ্জন চৌধুৰী। তেখেতৰ কথাৰ-ভাষাৰ মাদকতাই সুকীয়া। তাতে নিজৰ পাঁচ বছৰীয়া নাতি গিয়ানৰ সৈতে তেখেতৰ গানৰ যুগলবন্দীয়ে সেই সময়খিনি বিশেষভাৱে স্মৰণীয় কৰি তুলিলে। সমান্তৰালকৈ সৰুপথাৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক জয় ৰয়লৈ(কলা)'ইন্দ্ৰেশ্বৰ চক্ৰবৰ্তী সোঁৱৰণী বঁটা' আৰু ঋষিমন চুতীয়ালৈ 'শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটা' প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে। সেইদৰে বাণিজ্য বিভাগৰ উদ্যোগত সুজান্ত সেনলৈও শ্ৰেষ্ঠ স্নাতক(বাণিজ্য) বঁটা আগবঢ়োৱা হয়।
সৰুপথাৰ মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ ২০২৫-২৬ বৰ্ষৰ শ্ৰেষ্ঠ পঢ়ুৱৈ (Best Library User) হিচাপে বিবেচিত হয় প্ৰথম স্থানত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী গিতিকা বৰগোঁহাই, দ্বিতীয় অৰ্থনীতি বিভাগৰ ছাত্ৰী মোহনা ভৌমিক, তৃতীয় ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী ৰোকছানা বেগমক উপহাৰ প্ৰদান কৰা হয়। সমান্তৰালকৈ শিক্ষকৰ শিতানত শ্ৰেষ্ঠ পঢ়ুৱৈ (Best Library User) হিচাপে বিবেচিত হোৱা বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক ড০ সন্ধান হাজৰিকালৈয়ে আগবঢ়োৱা হয় উপহাৰ। ইপিনে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষ কোনো এগৰাকী কণ্ঠশিল্পীক নিমন্ত্ৰণ নকৰি ৰাহি হোৱা অৰ্থৰাশিৰে বান সাহায্য দিবলৈ বুলি এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে।






















