Students Achievement

Home >NewsEvent >Students Achievement
যাত্ৰা অসীম অনন্ত.....
ছাত্ৰ-ছাত্ৰীৰ সাফল্য 
 
২৮ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে কাজিৰঙা বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত "প্ৰযত্ন" শীৰ্ষক এলানি প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দুটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। মহাবিদ্য়ালয়ৰ ছাত্ৰ দুলেশ্বৰ শইকীয়া, কুলদীপ গগৈয়ে "Vision With Mission"ত প্ৰথম স্হান লাভ কৰে। সমান্তৰালকৈ দ্বিজু গগৈ, ভৃগুৰাজ ৰাভা, অভিজিৎ ফুকন, মহিমা লিম্বু, দৰ্শন শইকীয়াই "Creativity Through Imagination" ত প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে। এই প্ৰতিযোগিতাত গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি ১৬খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাৰ বাবে মহাবিদ্যালয়ৰ অধ্য়ক্ষৰ লগতে পৰিয়ালবৰ্গই অভিনন্দন আৰু শুভেচ্ছাৰ লগতে তত্ত্বাৱধায়কদ্বয় স্মিতা চেতিয়া আৰু যুগল মেধিলৈ ধন্যবাদ জ্ঞাপন কৰে।