১৫ আগষ্ট, ২০২৫..
যাত্ৰা অসীম অনন্ত...
১৫ আগষ্ট তাৰিখে সমগ্ৰ দেশৰ লগতে সৰুপথাৰ মহাবিদ্যালয়তো উদযাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস। বিৰাল্লিশৰ আন্দোলনত মৃত্য়ুবৰণ কৰা শ্বহীদ কুশল কোঁৱৰৰ ঠাইত সৰুপথাৰ মহাবিদ্যালয়ত পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে। সমান্তৰালকৈ সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা ৰাজহুৱা খেলপথাৰলৈ ত্ৰিৰংগা যাত্ৰা কৰা হয় । ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে ত্ৰিৰংগা লৈ বন্দে মাতৰত, ভাৰত মাতা কি জয় ধ্বনিৰে যাত্ৰা কৰে ।
উল্লেখ্য যে ৭৯ সংখ্যক স্বাধীনতা দিৱস সৰুপথাৰ মহাবিদ্যালয়ৰ বাবে বিশেষ। সৰুপথাৰ সমজিলা প্ৰশাসনে স্বাধীনতা দিৱসত সৰুপথাৰ মহাবিদ্যালয়লৈ প্ৰদান কৰে "Centre of excellence"ৰ স্বীকৃতি। সমজিলা আয়ুক্ত শ্ৰীমানস জ্যোতি নাথে এই সন্মান আগবঢ়ায়। লগতে সমজিলা প্ৰশাসনে আয়োজন কৰা পেৰেড প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ এন চি চি দলে শ্ৰেষ্ঠ দল আৰু ছাত্ৰ জ্যোতিষ ডেকাই শ্ৰেষ্ঠ কামাণ্ডাৰৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।








