দৈয়াং-ধনশিৰি পৃষ্ঠভূমিত সৰুপথাৰ সমজিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰুপথাৰ মহাবিদ্যালয়ৰ আজি ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি ৫৫ বৰ্ষত খোজ দিয়া সৰুপথাৰ মহাবিদ্যালয়ে সৰুপথাৰ সমজিলাত বটবৃক্ষৰ দৰে জ্ঞান আলোকেৰে সমগ্ৰ দৈয়াং-ধনশিৰিৰ পৃষ্ঠভূমি পোহৰাই তুলিছে।
সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু শিক্ষক গোটৰ সহযোগত ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰ বাইদেৱে। স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সিদ্ধেশ্বৰ শইকীয়াই। মুকলি সভাত সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে। প্ৰাক্তন অধ্যক্ষ-শিক্ষকসকলে মহাবিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।
সমান্তৰালকৈ সৰুপথাৰ মহাবিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সহযোগত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন। প্ৰাক্তন ছাত্ৰৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সন্ধিয়া মহাবিদ্যালয়ৰ বাকৰিত বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।














