৯ জানুৱাৰী, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ আনন্দ কুটীৰ প্ৰাংগণত শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অতিথি আৰু শুভাকাংক্ষীসকলৰ সহযোগত প্ৰাক্ ভোগালী উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে অতি উলহমালহেৰে আনন্দ কুটীৰৰ ঢেঁকীত চাউল খুন্দি চুঙা পুৰি, পিঠা প্ৰস্তুত কৰি জা-জলপানেৰে অভ্যাগতসকলক আপ্যায়ন কৰাৰ লগতে টেকেলি ভঙা প্ৰতিযোগিতা এখনিও সম্পন্ন কৰে। উল্লেখযোগ্য যে মহাবিদ্যালয়ত উৎপাদিত গামোচাৰে নিমন্ত্ৰিত অতিথি বিশিষ্ট নাট্যকাৰ সপোনজ্যোতি ঠাকুৰ আৰু সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনক আদৰণি জনোঁৱা হয়। মহাবিদ্যালয়ত ডনি সন্দিকৈৰ পৰিচালনাত চলি থকা এমহীয়া নাটকৰ কৰ্মশালাটিৰ উপস্থিত হৈ শ্ৰীযুত ঠাকুৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে মতবিনিময় কৰে। মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সুগায়ক আশিস বণিকৰ গীতে প্ৰাক্ ভোগালীৰ শীতৰ সন্ধিয়াটি উমাল কৰি তোলে।









