Student achievement

Home >NewsEvent >Student achievement
 
যাত্ৰা অসীম অনন্ত... 
ছাত্ৰ-ছাত্ৰীৰ সাফল্য
 
১৮ ছেপ্তেম্বৰৰ পৰা ২১ ছেপ্তেম্বৰলৈ তেজপুৰত অনুষ্ঠিত ৫৩ সংখ্যক সদৌ অসম ভাৰোত্তোলন চেম্পিয়নশ্বিপত সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ মানস প্ৰতিম সোণোৱালে পুৰুষৰ ১১০ কেজি চিনিয়ৰ আৰু জুনিয়ৰ দুয়োটা শাখাতে স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয়। ছাত্ৰগৰাকীৰ এই সফলতাই স্বাভাৱিকতেই মহাবিদ্যালয় পৰিয়ালবৰ্গত আনন্দিত কৰিছে। সৰুপথাৰ  মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে মানসলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।