Students Achievement

Home >NewsEvent >Students Achievement
যাত্ৰা অসীম অনন্ত...
ছাত্ৰ-ছাত্ৰীৰ সাফল্য
 
সদ্যঘোষিত স্নাতক (কলা) চূড়ান্ত পৰীক্ষাৰ ফলাফলত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই গৌৰাম্বিত কৰিছে। কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
 
ৰাজনীতি বিজ্ঞান বিভাগৰ অভিজিৎ ফুকনে দ্বিতীয় স্থান প্ৰাপ্তিৰে মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। সেইদৰে বুৰঞ্জী বিভাগৰ ৰঞ্জন শৰ্মাই ১২ সংখ্যক, বৰ্ণালী মুণ্ডাই ১৯ সংখ্যক, অঞ্জনা বৰুৱা আৰু অসমীয়া বিভাগৰ আস্মা বেগমে ২২ সংখ্যক স্হান, সমাজতত্ত্ব বিভাগৰ ভাস্কৰজ্যোতি তামুলীয়ে ২৭ আৰু লাকী তালুকদাৰে ২৯ সংখ্যক স্থান লাভ কৰিছে। সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৮১.৬৮। কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষকসকললৈ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।