ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য় ড° জিতেন হাজৰিকাই উদ্বোধন কৰিল "সাহিত্যাচাৰ্য্য় বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰ"।

Home >NewsEvent >ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য় ড° জিতেন হাজৰিকাই উদ্বোধন কৰিল "সাহিত্যাচাৰ্য্য় বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰ"।

দৈয়াং- ধনশিৰিৰ পৃষ্ঠভূমিত গঢ় লৈ উঠা  জ্ঞানৰ মন্দিৰ সৰুপথাৰ মহাবিদ্যালয়ে  সুদীৰ্ঘ পঞ্চাশ বছৰৰো অধিক কাল আন্ধাৰ আকাশত পূৰ্ণিমাৰ জোন হৈ পোহৰ বিলাই আহিছে। ধনশিৰিবাসীৰ জনগণৰ হেঁপাহ আৰু মৰমৰ মহাবিদ্যালয়খনে শিক্ষা জগতত সোণালী সৌধ নিৰ্মাণ কৰি প্ৰতিষ্ঠাকালৰে পৰা বহুজনৰ জীৱন সমৃদ্ধ কৰিছে। জ্ঞানৰ আলোকেৰে তমসা দূৰ কৰি শিক্ষাৰ সোণালী ভেটি গঢ়ি তোলা মহাবিদ্যালয়খনৰ স্বৰ্ণীল যাত্ৰাপথত আৰু এটা নব্য সংযোজন "ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰ"। মহাবিদ্যালয়ৰ পুৰণি গ্ৰন্থাগাৰটি পুনৰ নিৰ্মাণ কৰি সৰুপথাৰ অঞ্চলৰ বৰেণ্য সাহিত্যিক, শিক্ষাবিদ তথা -ভাষাবিদ প্ৰয়াত বিশ্বেশ্বৰ হাজৰিকাদেৱৰ নামেৰে নামকৰণ কৰা হৈছে। 

উল্লেখ্য যে ধনশিৰি মহকুমাৰ (এতিয়াৰ সৰুপথাৰ সমজিলা) বৰপথাৰ মৌজাৰ অন্তৰ্গত বাৰমুখীয়া গাওঁখনেই পণ্ডিত ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ জন্মস্থান। আজি শুভ দিনটোত সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত আছিল বিশ্বেশ্বৰ হাজৰিকাৰ সহধৰ্মিণী লাৱন্য হাজৰিকা। 

শিক্ষা, জ্ঞান সমাজ জীৱনৰ অতুলনীয় শক্তি আৰু এই শক্তিৰ অন্যতম আৰু অনন্য প্ৰাণকেন্দ্ৰ হৈছে গ্ৰন্থাগাৰ। সৰুপথাৰ সমজিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সৰুপথাৰ মহাবিদ্যালয়ৰ নৱ নিৰ্মিত গ্ৰন্থাগাৰ “সাহিত্যাচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰ” ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপচাৰ্য  ড° জিতেন হাজৰিকাদেৱে শুভ উদ্বোধন কৰে৷

সৰুপথাৰ মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত সাহিত্যাচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰ নামেৰে নামকৰণ কৰা ভৱনটি শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য্য ড° জিতেন হাজৰিকা, সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিত ফুকন, স্বৰ্গীয় বিশ্বেশ্বৰ হাজৰিকাৰ সহধৰ্মিনী শ্ৰীযুতা লাৱন্য হাজৰিকা, নুমলীগড় শোধনাধাৰ লিমিটেৰ মুখ্য মহা প্ৰৱন্ধক ড° কাজল শইকীয়া, নাগালেণ্ড গ্লোৱেল ইউনিভাৰ্ছিটিৰ প্ৰাক্তন উপাচাৰ্য ড° হেমেন্দ্ৰ নাথ দত্ত, মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰ, আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত ধৈৰ্য্য হাজৰিকা।