সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ 'ৰাজ্যিক ৰামায়ণ সেৱক' বঁটা।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ 'ৰাজ্যিক ৰামায়ণ সেৱক' বঁটা।
৬ এপ্ৰিল, ২০২৫ তাৰিখে লুইত-জিষ্ট এডুকেচনেল ট্ৰাষ্টৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় অযোধ্যানন্দন জন্মোৎসৱ, ২০২৫ অনুষ্ঠানত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰলৈ আগবঢ়োৱা হয় 'ৰাজ্যিক ৰামায়ণ সেৱক' বঁটা, ২০২৫।
 
অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ আচাৰ্যদেৱে। এই সভাত  ড০ কৰুণাশংকৰ ত্ৰিবেদী, ড.মালিনী, শ্ৰীযুত তৰেণ বড়ো প্ৰমুখ্যে কেইবাগৰাকীও ৰামায়ণী সাহিত্যৰ বৰেণ্য ব্যক্তি উপস্থিত থাকে। ট্ৰাষ্টৰ ফালৰ পৰা "মাধৱ কন্দলী ৰামায়ণৰ প্ৰাচীনত্ব নিৰূপণ" শীৰ্ষক গ্ৰন্থৰ বাবে মূল লেখক  ড০ মালিনীৰ লগতে ৰেৱত মহন্ত আৰু ড০ প্ৰাপ্তি ঠাকুৰলৈ "ৰাজ্যিক ৰামায়ণ সেৱক" হিচাপে স্বীকৃতি প্ৰদান কৰে।