সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক জগতখনৰ খবৰ ৰাখিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰয়াস কৰে। অগ্ৰণী অনুষ্ঠান "আশাদীপ'ৰ সহযোগত সৰুপথাৰ মহাবিদ্যালয়ত এনেধৰণৰ কাৰ্যসূচী ইতিমধ্যে কেইবাটাও সম্পন্ন কৰি অহা হৈছে। ৫ আৰু ৬ নবেম্বৰ, ২০২৫ তাৰিখে ক্ৰমে মহাবিদ্যালয়ৰ বীৰ চিলাৰায় ছাত্ৰাবাস আৰু বীৰাংগনা সাধনী ছাত্ৰী নিবাসত আশাদীপৰ বিষয়ববীয়াসকলে ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ,অনুভৱ, সমস্যাদিৰ সন্দৰ্ভত এলানি আলোচনা সম্পন্ন কৰে। নিশ্চিতভাৱে ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে।







