Prize distribution ceremony of College Week, 2025

Home >NewsEvent >Prize distribution ceremony of College Week, 2025

11 ফেব্ৰুৱাৰী, তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ বাৰ্ষিক "মহাবিদ্যালয় সপ্তাহ"ৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।

সৰুপথাৰ মহাবিদ্য়ালয়ৰ ছাত্ৰ একতা সভাৰ উদ্য়োগত  25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অনুষ্ঠিত হয় বাৰ্ষিক মহাবিদ্যালয়  সপ্তাহ। মহাবিদ্যালয় সপ্তাহৰ লগত সংগতিৰ ৰাখি ছাত্ৰ-ছাত্ৰীসকেল সাংস্কৃতিক শোভাাত্ৰা কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰথম স্থান লাভ কৰে ইতিহাস বিভাগে, দ্বিতীয় অসমীয়া বিভাগ, তৃতীয় স্থান লাভ কৰে ক্ৰমে বাণিজ্য বিভাগ আৰু ৰাজনীতি বিজ্ঞান বিভাগ।

2024-25 বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে লৰা শাখাৰ আঙ্গাত থাপা, ছোৱালী শাখাৰ প্ৰিয়ংকা থাপা। শ্ৰেষ্ঠ সাহিত্য় প্ৰতিযোগী হিচাপে স্থান লাভ কৰে দুলেশ্বৰ শইকীয়াই, শ্ৰেষ্ঠ গায়ক হিচাপে আনন্দ তাঁতীয়ে স্থান দখল কৰে।

উল্লেখযোগ্য যে  সৰুপথাৰ মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ মডেলিং প্ৰতিযোগিতাৰ মিছ সৰুপথাৰ মহাবিদ্যালয়ৰ খিতাপ অৰ্জন কৰে চৰিতা সুৰাঙ্গী আৰু মিষ্টাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৰাহুল গগৈ।