ICSSRৰ অন্তৰ্গত (Assessing the role of Jal Jeevan Mission in empowering women in rural Assam) 'অসমৰ গ্ৰাম্যাঞ্চলৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত জল জীৱন মিছনৰ ভূমিকাৰ মূল্যায়ন' শীৰ্ষক গৱেষণা-প্ৰকল্পৰ বাবে নিৰ্বাচিত হোৱা সৰুপথাৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যমী সহকাৰী অধ্যাপকদ্বয় ড০ সঞ্জয় ৰিজাল(প্ৰকল্প সঞ্চালক) আৰু ড০ প্ৰীতম সূত্ৰধৰক (সহ প্ৰকল্প সঞ্চালক) ১৬ মে' ২০২৫ তাৰিখে আনুষ্ঠানিকভাৱে মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইতিমধ্যে কাম আৰম্ভ হোৱা এই গৱেষণা-প্ৰকল্পত সহকাৰী গৱেষক তথা ক্ষেত্ৰ অনুসন্ধানকাৰী হিচাপে ক্ৰমে নিজৰা তিৰ্কী আৰু ছাহিদ ৰাভাই যোগদান কৰিছে।




