Free Medical Camp

Home >NewsEvent >Free Medical Camp
৮ মাৰ্চ, ২০২৫
 
সৰুপথাৰ মণ্ডল মহিলা-মৰ্চাৰ উদ্যোগত পূব নাওজান জনতা পথাৰ সামূহিক ভৱনত উদযাপিত হয় আন্ত:ৰাষ্ট্ৰীয় নাৰী-দিৱস। সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰতি মাহৰ বিনামূলীয়া চিকিৎসা শিবিৰটি  নাৰী দিৱস উপলক্ষে তাতেই সম্পন্ন কৰা হয়। সেই অঞ্চলৰ মহিলাসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই উদ্দেশ্য সফল কৰি তোলে। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে পৰিয়ালবৰ্গই নাৰী-দিৱসৰ আন্তৰিক অভিনন্দনৰ লগতে সংশ্লিষ্ট সকলোলৈকে বিশেষকৈ সৰুপথাৰ সমজিলা স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়াসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।