সৰুপথাৰ মহাবিদ্যালয়ত কলাগুৰু বিষ্ণুৰাভাক সোঁৱৰণ।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্যালয়ত কলাগুৰু বিষ্ণুৰাভাক সোঁৱৰণ।

সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত অসমৰ সাহিত্য-সংস্কৃতি, সংগীত, নাট্য আৰু সমাজ জাগৰণৰ ক্ষেত্ৰত অনন্য তথা যুগান্তকাৰী অৱদান আগবঢ়োৱা মহান বিপ্লৱী শিল্পী, কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতিত বিষ্ণুৰাভা দিৱস ২০ জুন ২০২৬ তাৰিখে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি, কলাগুৰু গৰাকীৰ পৱিত্ৰ প্ৰতিচ্ছবিত ভক্তিপূৰ্ণভাৱে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ববিতা দত্তই অত্যন্ত নিপুণতাৰে আঁত ধৰা এই বিশেষ অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সন্মানীয় সভাপতি শ্ৰীযুত পৰাগ ভূঞাই মূখ্য বক্তা হিচাপে উপস্থিত থাকি বিষ্ণু প্ৰসাদ ৰাভাৰ বহুমুখী প্ৰতিভা, তেওঁৰ বৈপ্লৱিক আদৰ্শ, আৰু অসমীয়া সমাজ-সংস্কৃতিলৈ আগবঢ়াই যোৱা অমূল্য অৱদানৰ ওপৰত এক গভীৰ তথা তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে। ইয়াৰ সমান্তৰালভাৱে, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও অতি উৎসাহেৰে অংশগ্ৰহণ কৰি কলাগুৰুৰ কালজয়ী কবিতা আবৃত্তিৰে গীত অনুষ্ঠানটি জীপাল কৰি তোলে। মহাবিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, অনা-শিক্ষক কৰ্মচাৰী আৰু বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি মহান অসমীয়া মনিষীগৰাকীৰ প্ৰতি নিজৰ গভীৰ শ্ৰদ্ধা তথা সন্মান প্ৰদৰ্শন কৰে।