অসম প্ৰকাশন পৰিষদৰ উদ্যোগত "মহাবিদ্যালয় গ্ৰন্থমেলা"।

Home >NewsEvent >অসম প্ৰকাশন পৰিষদৰ উদ্যোগত "মহাবিদ্যালয় গ্ৰন্থমেলা"।

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সাহিত্যাচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সহযোগত সৰুপথাৰ মহাবিদ্যালয়ত ১৬ আৰু ১৭ অক্টোবৰ দুদিনীয়াকৈ অনুষ্ঠিত হ'ল "মহাবিদ্যালয় গ্ৰন্থমেলা"।

সৰুপথাৰ সমজিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সৰুপথাৰ মহাবিদ্যালয়ত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। প্ৰথমটো দিনৰ কাৰ্যসূচীত সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মণিপ্ৰভা বৰাই অসমৰ মহানায়ন, দুগদ্ৰষ্টা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। সমান্তৰালকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰ মহোদয়াই গ্ৰন্থমেলাখনৰ শুভাৰম্ভ কৰে। 

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ২০২৫ বৰ্ষত অসমৰ ভিন্ন মহাবিদ্যালয়ত "মহাবিদ্যালয় গ্ৰন্থমেলা"ৰ অনুষ্ঠিত কৰাৰ এক পদক্ষেপ হাতত লৈছে। তাৰেই অংশ হিচাপে সৰুপথাৰ মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। প্ৰকাশন গোষ্ঠীৰ এই পদক্ষেপক সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কৃতজ্ঞতা প্ৰকাশ কৰি মন্তব্য প্ৰকাশ কৰে।