Students Achievement

Home >NewsEvent >Students Achievement
যাত্ৰা অসীম অনন্ত....
ছাত্ৰ-ছাত্ৰীৰ সাফল্য
 
সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীদ্বয় কৃতিকা আগৰৱাল আৰু ৰিতিকা আগৰৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। দুয়োগৰাকী বৰ্তমান ক্ৰমে মৰিয়নি মহাবিদ্যালয় আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। এই দুয়োগৰাকী কৃতী ছাত্ৰীৰ সফলতাত মহাবিদ্যালয় পৰিয়াল স্বাভাৱিকতেই অত্যন্ত আনন্দিত হৈছে। নিশ্চিতভাৱে দুয়োগৰাকী ছাত্ৰীৰ সফলতাই অনাগত সময়ত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব। ড.কৃতিকা আৰু ড.ৰিতিকা আগৰৱাললৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়াই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।