৬ মাৰ্চ,২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ ২৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে বৰপথাৰ মহাবিদ্যালয়ৰ ১০ জনীয়া ছাত্ৰৰ এটি দলে অসম বিধান সভাৰ বাজেট অধিবেশনৰ দিনটোৰ কাৰ্য্যক্ৰমণিকা প্ৰত্যক্ষ কৰে। সভাৰ শেষত ছাত্ৰ-ছাত্ৰীসকেল বিধান সভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী, বিত্তমন্ত্ৰী অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু খাদ্য তথা অসামৰিক যোগান বিভাগৰ মন্ত্ৰী শ্ৰীযুত কৌশিক ৰয় ডাঙৰীয়াৰ সৈতে মত বিনিময় কৰে লগতে আলোচনা সত্ৰত মিলিত হয়। ছাত্ৰ-ছাত্ৰীসকলৰ তত্ত্বাৱধায়ক শিক্ষক হিচাপে আছিল শ্ৰী ৰূপজ্যোতি গগৈ।






