Free Medical Camp

Home >NewsEvent >Free Medical Camp
৭ জুন, ২০২৫, জুন মাহৰ প্ৰথমটো শনিবাৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগ আৰু সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ৰ সহযোগত বেতনি তিনিআলি প্ৰাথমিক বিদ্যালয়ত বেতনি গাঁৱৰ ৰাইজৰ বাবে এটি মুকলি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰটি সুকলমে সম্পন্ন কৰাত বেতনিবাসী ৰাইজৰ লগতে বিশেষভাৱে সহায় কৰিলে শ্ৰীযুতা ৰূপাঞ্জলি শইকীয়া বাইদেৱে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়াই  সংশ্লিষ্ট সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।