Librarians’ Day Celebration 2026

Home >NewsEvent >Librarians’ Day Celebration 2026

সৰুপথাৰ মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত ১২ আগষ্ট তাৰিখে ভাৰতীয় গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ ড° এছ. আৰ. ৰংগনাথনৰ ১৩৪সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে গ্ৰন্থাগাৰিক দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ১০:৩০ বজাত অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ভাৰতী শইকীয়াই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোৰ আঁত ধৰে গ্ৰন্থাগাৰিক স্মিতা চেতিয়াই।পুৱা ১১:০০ বজাত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা ‘সাৰস্বত’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত গ্ৰন্থাগাৰিক স্মিতা চেতিয়াই ‘সাৰস্বত’ প্ৰাচীৰ পত্ৰিকাখনে তৃতীয় বৰ্ষত ভৰি দিয়াৰ কথা উল্লেখ কৰে। অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰে গ্ৰন্থাগাৰৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক উদ্দীপনামূলক বক্তব্য আগবঢ়ায়। তেওঁ বৰ্তমানৰ ডিজিটেল যুগতো হাতে লিখা আলোচনী তথা প্ৰাচীৰ পত্ৰিকাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা, প্ৰতিভা আৰু জ্ঞানচৰ্চাৰ প্ৰতি থকা আগ্ৰহৰো অধ্যক্ষগৰাকীয়ে প্ৰশংসা কৰে। দিনৰ ২:০০ বজাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ববিতা দত্ত আৰু বুৰঞ্জী বিভাগৰ অধ্যাপক ড° সন্ধান হাজৰীকাই প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে। প্ৰতিযোগিতাখনত ভিক্টৰ লাক্ৰাই প্ৰথম স্থান, অৰুণাভ বৰাই দ্বিতীয় স্থান আৰু পবিত্ৰ ফুকনে তৃতীয় স্থান লাভ কৰে। আনহাতে, সমুদ্ৰ বৰাই বিচাৰকৰ উৎসাহজনক বঁটা লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত ড° এছ. আৰ. ৰংগনাথনৰ গ্ৰন্থাগাৰ বিজ্ঞানলৈ আগবঢ়োৱা অনবদ‍্য অৱদান আৰু বৰ্তমান সমাজত গ্ৰন্থাগাৰৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰা হয়।