বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ বক্তৃতানুষ্ঠানত অধ্যক্ষ ড॰ প্ৰাপ্তি ঠাকুৰ

Home >NewsEvent >বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ বক্তৃতানুষ্ঠানত অধ্যক্ষ ড॰ প্ৰাপ্তি ঠাকুৰ
 
২৭ মাৰ্চ, ২০২৫ তাৰিখে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ আমন্ত্ৰণ ক্ৰমে বিশেষ বক্তৃতানুষ্ঠানত উপস্থিত থাকে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ প্ৰাপ্তি ঠাকুৰ৷ ‘ৰামধেনু যুগৰ গল্পৰ গতি-প্ৰকৃতি’  শীৰ্ষক বক্তৃতা প্ৰদান কৰাৰ লগতে স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ সৈতে মত বিনিময় কৰে অধ্যক্ষগৰাকীয়ে৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰  সুবুং বসুমতাৰী ডাঙৰীয়াৰ সৈতে বিদ্যায়তনিক আলোচনাতো মিলিত হয়৷ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড॰  চুমী কলিতাৰ লগতে বিভাগীয় শিক্ষকসকললৈ  ড॰ প্ৰাপ্তি ঠাকুৰে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ 
উক্ত দিনাই কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে  আয়োজন কৰা বক্তৃতানুষ্ঠানতো ‘ৰামধেনু যুগৰ গল্পৰ বিষয় আৰু বৈচিত্ৰ্য’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে অধ্যক্ষ ড॰ প্ৰাপ্তি ঠাকুৰে ৷  সমান্তৰালকৈ সৰুপথাৰ মহাবিদ্যালয় আৰু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ লগত এখন বুজাবুজিৰ চুক্তিত সন্মানীয় অধ্যক্ষ ড॰ প্ৰাপ্তি ঠাকুৰ আৰু অধ্যক্ষ ড॰ ডিমাছা দৈব্ৰাং মুছাহাৰীৰ উপস্থিতিত স্বাক্ষৰ কৰা হয়৷