২৬ জানুৱাৰী, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সমন্বিতে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।
গণৰাজ্য দিৱস উপলক্ষে সৰুপথাৰ সমজিলা প্ৰশাসনে আয়োজন কৰা পেৰেড প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়ৰ এন চি চি গোটে 'শ্ৰেষ্ঠ দল' আৰু ছাত্ৰ ইমন বৰাই 'শ্ৰেষ্ঠ কামাণ্ডাৰ'ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।





