সদৌ অসম কলেজ কৰ্মচাৰী সন্থা গোলাঘাট জিলা সমিতিৰ দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত।

Home >NewsEvent >সদৌ অসম কলেজ কৰ্মচাৰী সন্থা গোলাঘাট জিলা সমিতিৰ দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত।
১০ অক্টোবৰ, ২০২৬ তাৰিখ শনিবাৰে সৰুপথাৰ মহাবিদ্যালয়ত  দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ গোলাঘাট জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হৈ যায়। পুৱা গোলাঘাট জিলা সমিতিৰ সভাপতি অজিত লয়িং আৰু মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক ৰামকৃষ্ণ পালে পতাকা উত্তোলন কৰাৰ লগতে মহাবিদ্যালয়ৰ উপাধ্যক্ষ জয়ন্ত বৰাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অধিৱেশনৰ কাৰ্যনিৰ্বাহক সভাত হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অজিত লয়িঙক  সভাপতি আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ নৰোত্তম ৰাভাক সম্পাদক হিচাপে লৈ নতুন জিলা সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ সমবেত সংগীতেৰে অনুষ্ঠিত হোৱা মুকলি সভাত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰক জনোৱা হয় সম্বৰ্ধনা। জিলাখনৰ প্ৰাক্তন কলেজ কৰ্মচাৰীসকলকো সম্বৰ্ধনা জনোৱা হয়, য'ত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি তুলসী শইকীয়া, সম্পাদক গৌতম গগৈ আৰু উপ-সভাপতি ভৱতোষ পুৰকায়স্থক, কাৰ্যনিৰ্বাহক সদস্য দেৱজিৎ বৰুৱাকে ধৰি কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া তথা অৱসৰপ্ৰাপ্ত সতীৰ্থ উপস্থিত থাকে। 
 
উল্লেখযোগ্য যে ১৯৬০ চনত All Assam Ministral Association ৰ পৰা উত্তৰণ ঘটি গঠিত হোৱা সদৌ অসম কলেজ কৰ্মচাৰী সন্থাই জন্ম লগ্নৰে পৰা প্রাদেশীকৃত মহাবিদ্যালয় সমূহৰ অনা-শৈক্ষিক কৰ্মচাৰী সকলৰ হেতু কাম কৰি আহিছে। কৰ্মচাৰী সকলৰ স্বাধিকাৰ, নাৰ্য্যতা আৰু সাংবিধানিক সুৰক্ষাৰ নিমিত্তে কৰ্মচাৰী সমাজক সুসংগৱদ্ধ কৰি সামাজিক চেতনাৰে সুৰক্ষিত কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। অসমৰ তিনি শতাধিকতকৈও অধিক প্রাদেশীকৃত মহাবিদ্যালয়ৰ মূলতঃ তৃতীয় আৰু চতুর্থ শ্রেণীক প্রতিনিধিত্ব কৰা এইসকল কৰ্মচাৰীয়ে মহাবিদ্যালয়সমূহত কাৰ্যপালিকাৰ দৰে কাম কৰি আহিছে। প্রশাসনিক যন্ত্ৰৰ মূল চালিকা শক্তি হিচাপে এই সকল কৰ্মচাৰীয়ে ওৰে জীৱন নিজকে সঁপি দিছে। অনুষ্ঠানৰ শেষত, সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ গোলাঘাট জিলাৰ দ্বি-বার্ষিক অধিবেশনখন অনুষ্ঠিত কৰি সকলো প্রতিনিধিক সুন্দৰ আতিথ্য প্রদান কৰাৰ বাবে সৰুপথাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী গোটক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে সভাপতি অজিত লয়িঙে। সুন্দৰ পাৰিপাৰ্শ্বিক আৰু পৰিচ্ছন্ন পৰিৱেশেৰে আৱৰি ৰখা সৰুপথাৰ মহাবিদ্যালয়ত এই সুযোগ দিয়াৰ বাবে অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰ মহোদয়কে ধৰি মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কর্মচাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি সদৌ অসম কলেজ কৰ্মচাৰীৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকৰ আন্তৰিক সহযোগিতাৰ শলাগ লয়।