প্ৰাচীন সমলেৰে পৰিপূৰ্ণ সৰুপথাৰ সমজিলাৰ টেঙানী অঞ্চলত ক্ষেত্ৰ অধ্যয়ন ইতিহাস বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ।

Home >NewsEvent >প্ৰাচীন সমলেৰে পৰিপূৰ্ণ সৰুপথাৰ সমজিলাৰ টেঙানী অঞ্চলত ক্ষেত্ৰ অধ্যয়ন ইতিহাস বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ।

"সৰুপথাৰ সমজিলাৰ আলিচিঙা টেঙানি অঞ্চলৰ ঐতিহাসিক সূৰ্য মন্দিৰ। ১৯৬৭ চনতে উদ্ধাৰ হৈছিল সূৰ্য দেৱতাৰ মূৰ্তি। টেঙানিৰ সূর্য দেৱতাৰ মূৰ্তিত দেখা যায় সূর্য দেৱতাই সাতটা ঘোঁৰাই টনা ৰথত গৈ থকা দৃশ্যৰ লগতে সূর্য দেৱতাৰ কাষত দুই সংগী সংজ্ঞা আৰু ছায়া।"

উত্তৰ-পূৰ্বাঞ্চলত খুবেই বিৰল সূৰ্য দেৱতাৰ মূৰ্তি। কছাৰী ৰজা দিনীয়া আলিচিঙা টেঙানি অঞ্চলৰ এই ঐতিহাসিক সূৰ্য মন্দিৰ। গোলাঘাট জিলাৰ দৈয়াং-ধনশিৰি অঞ্চলটো প্ৰাচীন সমলেৰে পৰিপূৰ্ণ ৷ কছাৰী ৰজাদিনীয়া বহু প্ৰত্নতাত্ত্বিক ভগ্নাৱশেষ, শিলালিপি, মঠ-মন্দিৰ, পুখুৰী আদিৰে ভৰপূৰ ধনশিৰি উপত্যকা। সৰুপথাৰ সমজিলাৰ ইতিহাস প্ৰসিদ্ধ স্থানসমূহ গৱেষকসকলৰ বাবে এক বিৰাট সম্ভাৱনাৰ ক্ষেত্ৰ মুকলি হৈ আহিছে ৷ সম্প্ৰতি এই স্থানসমূহলৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী, গৱেষকসকল অহা পৰিলক্ষিত হৈছে। ক্ষেত্ৰ অধ্যয়নৰ বাবে 21 ফেব্ৰুৱাৰী 2026 তাৰিখ, শুক্ৰবাৰে টেঙানি অঞ্চলত উপস্থিত হৈছিল সৰুপথাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপকসকল। বিদ্যায়তনিক দিশৰ লগত সংগতি ৰাখি ইতিহাসপ্ৰসিদ্ধ স্থানত ক্ষেত্ৰ  অধ্যয়ন কৰে স্নাতক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে।

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰৰ এখন অন্যতম ঐতিহাসিক স্থান হৈছে আলিচিঙা টেঙানি অঞ্চল। এই অঞ্চলতেই উদ্ধাৰ হৈছে বহু বছৰ পুৰণি ঐতিহাসিক কীৰ্তিচিহ্ন। উদ্ধাৰ হোৱা বিভিন্ন সম্পদৰ ভিতৰত অন্যতম হৈছে সূর্য দেৱতাৰ মূৰ্তি। টেঙানি অঞ্চলৰ আলিচিঙা দুৱৰণি অঞ্চলতেই উদ্ধাৰ হোৱা সূর্য দেৱতাৰ মূৰ্তিৰ লগতে শিৱলিংগ, বিষ্ণু মূর্তি একেলগে ৰাখি দীর্ঘ বছৰৰ পৰা মন্দিৰ স্থাপন কৰি ৰাইজে পূজা অর্চনা কৰি আহিছে। টেঙানি অঞ্চলৰ আলিচিঙা দুৱৰণিত ১৯৬৭ চনতে উদ্ধাৰ হৈছিল সূৰ্য দেৱতাৰ মূৰ্তি। সূর্য দেৱতাৰ মূৰ্তিত দেখা যায় সূর্য দেৱতাই সাতটা ঘোঁৰাই টনা ৰথত গৈ থকা দৃশ্যৰ লগতে সূর্য দেৱতাৰ কাষত দুই সংগী সংজ্ঞা আৰু ছায়া। দীৰ্ঘদিনে জৰাজীৰ্ণ অৱস্থাত থকা আলিচিঙা টেঙানিৰ সূর্য মন্দিৰটি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰচেষ্টাত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। টেঙানি অঞ্চলৰ এটা ওখ বৃহৎ টিলাৰ ওপৰত থকা এই মন্দিৰভাগত ২০২৫ বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা-অৰ্চনা কৰি অহা হৈছে।উল্লেখ্য যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই বিৰল তথা হিন্দু সভ্যতাৰ চানেকি বহন কৰা টেঙানিৰ সূর্য দেৱতাৰ মূৰ্তিত দেখা যায় সূর্য দেৱতাই সাতটা ঘোঁৰাই টনা ৰথত গৈ থকা অৱস্থাত, যাক সপ্তৰথী বুলি কোৱা হয়। লগতে সূর্য দেৱতাৰ কাষত দুই সংগী সংজ্ঞা আৰু ছায়াকো স্পষ্টকৈ দেখা যায়। জাগ্রত মন্দিৰ হিচাপে স্থানীয় ৰাইজে পূজা অর্চনা কৰা এই মন্দিৰত শিৱৰাত্ৰী, দূর্গা পূজাৰ সময়ত যথেষ্ট ভক্তৰ সমাগম হয়। ইপিনে এই সূর্য মন্দিৰটি এতিয়া আটকধুনীয়াকৈ নিৰ্মাণ হৈ উঠাৰ পাছতেই দূৰ দূৰণিৰ পৰ্যটকৰ আকৰ্ষণস্থলী হৈ পৰিছে। এই মন্দিৰ দৰ্শনৰ বাবে অহা পর্যটকে এই অঞ্চলৰ আশে পাশে উদ্ধাৰ হোৱা ঐতিহাসিক সম্পদসমূহো একেলগে চাই যোৱাৰ সুযোগ লাভ কৰিব পাৰে। সমান্তৰালকৈ সম্প্ৰতি গৱেষকসকলৰ বাবে এক বিৰাট সম্ভাৱনাৰ ক্ষেত্ৰ মুকলি হৈছে ঐতিহাসিক এই অঞ্চল। অঞ্চলটোত উদ্ধাৰ হোৱা এই কীৰ্তিচিহ্নসমূহৰ বিষয়ে গৱেষণাধৰ্মী, ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ লৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ গৱেষক, ছাত্ৰসকলে।

উল্লেখযোগ্য যে পূৰ্বৰ ধনশিৰি মহকুমা বৰ্তমানৰ সৰুপথাৰ সমজিলাৰ টেঙানি আলিছিঙাত সূৰ্য মন্দিৰৰ ওচৰতেই উদ্ধাৰ হৈছে ইটাৰ ভগ্নাৱশেষ। উদ্ধাৰ হোৱা সম্পদসমূহৰ ৰক্ষণাৱেক্ষণৰ দায়িত্বত থকা এজন ব্যক্তিয়ে জনোৱা অনুসৰি হাফলু খান্দি উদ্ধাৰ কৰা হৈছে ইটাৰে নিৰ্মিত হোৱা ভগ্নাৱশেষ। কছাৰী ৰজাদিনীয়া এই স্থানত হাফলু খান্দি উদ্ধাৰ কৰা এই ইটাৰে নিৰ্মিত ভগ্নাৱশেষ বহু ঠাই আৱৰি আছে। এই ইটাৰ ভিন্ন ধৰণৰ, ভিন্ন প্ৰকাৰৰ। মুঠ চাৰিপ্ৰকাৰৰ ইটাৰে নিৰ্মিত কৰি থোৱা কছাৰী ৰজাদিনীয়া স্তুপবোৰ। ইয়াৰোপৰি অঞ্চলটোত উদ্ধাৰ হৈছে পকী বেৰ, ৰাজহাউলী, সূর্য মূর্তি, বিষ্ণু মূর্তি, শিৱ মূর্তি, শিৱ লিংগ, শিলৰ ভাস্কর্য, সৰু-বৰ পুখুৰী, গড় খাৱৈ, পোৰা মাটিৰ লিপিযুক্ত মোহৰ, লো, তাম আৰু অন্যান্য ধাতুৰে নির্মিত কাঁহী, বাতি, গিলাচ, হেতা আদি অন্যতম। ইতিমধ্যে উদ্ধাৰ হোৱা সম্পদসমূহ সম্প্ৰতি চৰকাৰৰ পুৰাতাত্ত্বিক আৰু প্ৰত্নতাত্ত্বিক বিভাগে পদক্ষেপ গ্ৰহণ কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অন্যতম এক ঐতিহাসিক স্থান পৰিদৰ্শন কৰে। বৰপথাৰৰ দুৱৰণিৰ শিৱ মন্দিৰ।  বৰপথাৰৰ দুৱৰণি অঞ্চলতেই  আছে ঐতিহাসিক কছাৰী ৰজাদিনীয়া শতায়ু গৰকা শ্ৰী শ্ৰী শিৱ মন্দিৰ। দুৱৰণিৰ শিৱ মন্দিৰভাগৰ আছে অলৌকিক মাহাত্ম্য । ১৯০৭ চনত স্থাপন হৈছিল এই মন্দিৰভাগ । জনশ্ৰুতি অনুসৰি সৰুপথাৰ সমজিলাত দুৱৰণি অঞ্চলত ঘন অৰণ্য কাটি বসতি কৰিছিল মানুহে । সেই অৰণ্যৰ মাজতেই উদ্ধাৰ হৈছিল এটি শিৱ লিংগ । সম্ভৱত তেতিয়াই প্ৰাণ পাইছিল শিৱ মন্দিৰভাগে । তেতিয়াৰে পৰাই মহাদেৱৰ বন্দনাৰে মুখৰিত হৈছিল ঐতিহ্যমণ্ডিত শিৱ মন্দিৰটি । কেৱল ইমানেই নহয় তাৰ পিছতেই সলনি হ'ল সময় । সুদূৰ বিহাৰৰ পৰা ৰামলীলাৰ উদ্দেশ্যেৰ আহিছিল বাবা পাৰশ নাথ দূৱে নামৰ এজন ব্যক্তি । জনশ্ৰুতি অনুসৰি বাবা পাৰশ নাথ দূৱেৰ হাততে ১৯০৭ চনত প্ৰাণ প্ৰতিষ্ঠা হৈছিল দুৱৰণি গাঁৱৰ শ্ৰীশ্ৰী শিৱ মন্দিৰ । বৰ্তমানেও দুৱৰণিৰ শিৱ মন্দিৰভাগৰ বাকৰিত বাবা পাৰশ নাথ দূৱেৰ সমাধিস্থল সংৰক্ষণ কৰি ৰখা হৈছে।  ইপিনে শিৱ মন্দিৰভাগৰ কাষতেই নতুনকৈ সুউচ্চ দূৰ্গা মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে।  ৮৫ মিটাৰ উচ্চতাৰ দূৰ্গা মন্দিৰভাগ চলিত বৰ্ষৰ দূৰ্গা পূজাৰ সময়তেই শুভাৰম্ভ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

ইতিহাসপ্ৰসিদ্ধ স্থানসমূহৰ বিষয়ে সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী সত্যব্ৰত দত্তই  মন্তব্য কৰি কয়, "দৈয়াং-ধনশিৰিৰ উপত্যকাৰ খুব ঐতিহ্যপূৰ্ণ স্থান। এই অঞ্চলত গৱেষণাৰ থল আছে। এই অঞ্চলত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহ বহু পূৰণি।পুৰাতাত্ত্বিক আৰু প্ৰত্নতাত্ত্বিক বিভাগে এই অঞ্চলসমূহত খনন চলাইছিল। উদ্ধাৰ হোৱা সম্পদসমূহ সংৰক্ষণ কৰিছে। আলিছিঙা টেঙানিত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ ভিতৰত ৰাজপ্ৰসাদৰ আৰ্হি, গড় খাৱৈ, শিলালিপি, শিলৰ ভগ্নাৱশেষ, শিৱ লিংগ, সূৰ্য মূৰ্তি ইত্যাদি সমলসমূহেই ঐতিহাসিক সভ্যতাৰ স্বাক্ষৰ বহন কৰে। বিশেষকৈ দৈয়াং-ধনশিৰিৰ এই অঞ্চল নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি, গন্ধকৰৈ গাঁৱৰ শিলালিপি, দুৱৰণি শিলালিপিয়ে উন্নত সভ্যতাৰ স্বাক্ষৰ বহন কৰে। দৈয়াং-ধনশিৰি এই সম্পদসমূহ চৰকাৰ তথা প্ৰত্নতাত্ত্বিক বিভাগে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষই দেখাকৈ সজাই তোলক। গৌৰৱময় ইতিহাসৰ বিষয়ে বিশ্বৰ আগত দাঙি ধৰক।" তেওঁ লগতে কয়, "আলিছিঙা টেঙানিত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ ৰাজপ্ৰসাদৰ আৰ্হি, গড় খাৱৈ, যজ্ঞ স্থলী ইত্যাদি ধনশিৰি নৈক কেন্দ্ৰ কৰিয়েই সভ্যতাটো গঢ় লৈছিল।" টেঙানী অঞ্চলৰ আলিচিঙা দুৱৰণিৰ সূৰ্য মন্দিৰ সম্পৰ্কে মন্তব্য কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী সত্যব্ৰত দত্তই  মন্তব্য কৰি কয়, "আলিচিঙা টেঙানী দুৱৰণিৰ স্থাপত্য ভাস্কৰ্যৰ উল্লেখযোগ্য হৈছে সূৰ্য মন্দিৰ। প্ৰাচীন ভাৰতৰ বৈদিক সভ্যতাত কেইটামান ঠাইতহে সূৰ্য মন্দিৰ আৱিষ্কাৰ হৈছে। দক্ষিণ ভাৰতৰ দৰে ঠাইত সূৰ্য্য মন্দিৰ থকাৰ বিষয়ে আমি জানোঁ। আলিচিঙা টেঙানীত এই সূৰ্য মন্দিৰ আমি পাইছোঁ, এইটো গৌৰৱৰ কথা। ইয়াৰ সূৰ্য মূৰ্তিত সাতটা ঘোঁৰাই টনা ৰথৰ প্ৰতিচ্ছবি আছে। সূর্য দেৱতাৰ কাষত দুই সংগী সংজ্ঞা আৰু ছায়া দেখি পাইছোঁ। ১৯৬৭ চনত উদ্ধাৰ হোৱা মূৰ্তিটো এজন লোকে সংৰক্ষণ কৰি ৰাখিছিল। বৰ্তমান ইয়াত প্ৰত্নতাত্ত্বিক সঞ্চালকালয় বিভাগৰ দ্বাৰা স্থাপন কৰা হৈছে। পৰ্যটকৰ বাবে খুব আৰ্ষণীয় হৈছে।"