'How to face an interview'

Home >NewsEvent >'How to face an interview'
২৪ মে', ২০২৫...
অহা ২৬ মে', সোমবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা হৈছে "বিশাল নিয়োগ মেলা"। কেইবাটাও বহুজাতিক কোম্পানী, বেংক, ব্যৱসায় প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিবলগীয়া এই নিয়োগ মেলাৰ উদ্যোক্তা হৈছে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন। সেইবাবেই আজি প্ৰাৰ্থীসকলৰ মাজত 'How to face an interview' শীৰ্ষক এক প্ৰস্তুতি- শিবিৰ সম্পন্ন কৰা হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত আছিল এই নিয়োগ মেলাৰ মূল ব্যক্তি শ্ৰীঅজয় কানৈ, দ্বিপেন বৰা, মাধৱ লহকৰ, মাখমুদ আলি, সুমন চৌধুৰী সমন্বিতে মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰৰ লগেত শিক্ষকবৃন্দ। সহকাৰী অধ্যাপক  ড০ সঞ্জয় ৰিজালে আঁত ধৰা এই অনুষ্ঠানটিত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াসকলৰ উৎসাহ আৰু প্ৰাৰ্থীসকলৰ সঁহাৰিয়ে স্বাভাৱিকতেই মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক আনন্দিত কৰিছে।