সৰুপথাৰ মহাবিদ্য়ালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰম্ভ।

Home >NewsEvent >সৰুপথাৰ মহাবিদ্য়ালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰম্ভ।

আজি সৰুপথাৰ মহাবিদ্য়ালয়ৰ ছাত্ৰ একতা সভাৰ উদ্য়োগত বাৰ্ষিক ক্ৰীড়া সপ্তাহ 2025 আৰম্ভ হয়। 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অনুষ্ঠিত হব বাৰ্ষিক ক্ৰীড়া সপ্তাহ। 

আজি পুৱা মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ ড০ প্ৰাপ্তি ঠাকুৰে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি ছাত্ৰ একতা সভাৰ উদ্য়োগত অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহ সম্পৰ্কে চমুকৈ ভাষণ প্ৰদান কৰে। মহাবিদ্য়ালয়ৰ উপাধ্যক্ষ জয়ন্ত বৰাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালৈক ছাত্ৰ একতা সভাৰ সভাপতি ঋতুপণ শ্ৰেষ্ঠই ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে। 

বিগত বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ শ্ৰেষ্ঠ খেলুৱৈ শ্ৰী বিক্ৰম বসুমতাৰী আৰু ঋতুপৰ্ণা খাখলাৰীয়ে অলিম্পিক শিখা প্ৰজ্বলন কৰি ক্ৰীড়া সপ্তাহৰ শুভাৰম্ভ কৰে।