সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত, মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু সৰুপথাৰ শাখা সাহিত্য সভাৰ সহযোগত ২১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে 'আন্তৰ্জাতিক মাতৃভাষা দিৱস' মহাবিদ্যালয়ৰ মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ দিনটোতে ছাত্ৰ একতা সভাৰ সম্পাদক বিবেক ৰানাৰ সম্পাদনা আৰু ড০ ববিতা দত্তৰ তত্বাৱধানত প্ৰকাশিত মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী 'বাঙ্ময়' উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ বীনাপাণি দেৱীয়ে। আলোচনীখন সুন্দৰ আৰু বিষয়সমূহ গুৰুত্বপূৰ্ণ বুলি তেখেতে মন্তব্য আগবঢ়ায়। ইয়াৰ লগতে মহাবিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ড০ ববিতা দত্তৰ দ্বাৰা সম্পাদিত 'শংকৰদেৱ আৰু তেওঁৰ সৃষ্টি' বিষয়ক এখনি গ্ৰন্থ উন্মোচন কৰে আউনীআটী বিশ্ববিদ্যালয়, যোৰহাট টীয়কৰ অধ্যাপক, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়-যোৰহাটৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকাই। শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ এই প্ৰয়াসৰ তেখেতে শলাগ লয়। সভাত উপস্থিত থাকে সৰুপথাৰ শাখা সাহিত্য সভাৰ সমূহ বিষয়ববীয়া,অসম সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য সূৰ্য গগৈ, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মণিপ্ৰভা বৰা, সৰুপথাৰ ছোৱালী হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী,মহাবিদ্যালয়ৰ সকলো শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ -ছাত্ৰীসকল। অনুষ্ঠানটি সৰ্বাংগসুন্দৰ হোৱা বুলি সকলোৱে মতামত আগবঢ়ায় । সভাৰ শেষত অসমীয়া বিভাগৰ মুৰব্বী ড০ ববিতা দত্তই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।





