457th Tirubhav Tithi of Srimanta Shankardeva Observed at Sarupathar College

Home >NewsEvent >457th Tirubhav Tithi of Srimanta Shankardeva Observed at Sarupathar College

সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্য়ক তিৰোভাৱ তিথি উদযাপন কৰা হয়। ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে গুৰুজনাৰ তিথি উপলক্ষে মহাবিদ্যালয়ত ভকত নিমন্ত্ৰণ কৰি নাম-প্ৰসংগ কৰা হয়। গুৰুজনাক সোঁৱৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শনীমূলক দিহানাম পৰিৱেশন কৰে। 

সমান্তৰালকৈ মুহীকান্ত তামুলী প্ৰেক্ষাগৃহত বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰে পঞ্চম ষান্মাসিকৰ ছাত্ৰী কৃষ্ণামণি দত্ত, দ্বিতীয় স্থান প্ৰথম ষান্মাসিকৰ টোমন ব্ৰহ্ম আৰু তৃতীয় স্থান তৃতীয় ষান্মাসিকৰ পূজাশ্ৰী বৰা। লগতে উদগনিমূলক বটাঁ পাবলৈ সক্ষম হয় প্ৰথম ষান্মাসিকৰ উন্মেষা গগৈয়ে।