17 জানুৱাৰী,2025 তাৰিখে সৰুপথাৰ মহাবিদ্য়ালয়ত ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাক সুঁৱৰি উদযাপন কৰা হয় শিল্পী দিৱস।
সৰুপথাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আয়োজন কৰে এক বক্তৃতানুষ্ঠান। উক্ত বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি শ্ৰীযুত ৰাজীৱ বল্লভ গোস্বামী ডাঙৰীয়াই "জ্যোতিপ্ৰসাদৰ সৃষ্টিত জ্যোতিৰ সত্তা" শীৰ্ষক এটি মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। মহাবিদ্যালয়ৰ অধ্যাপিকা ড.ববিতা দত্তই আঁত ধৰা এই অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষকসকলে জ্যোতি সংগীত, আবৃত্তি তথা বক্তব্য আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে এখনি একাংকিকা নাট প্ৰদৰ্শন কৰে।








