৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ত অসম আৰু অসমীয়া জাতিৰ আয়ুস-ৰেখা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰা হয় কথা আৰু গানেৰে। সৰুপথাৰ মহাবিদ্যালয়ে আমন্ত্ৰণ কৰি অনা মূল বক্তা বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক-গৱেষক, আমাৰ আটাইৰে শ্ৰদ্ধাৰ ড০ কৰবী ডেকা হাজৰিকা বাইদেউৰ 'পদুম ফুলৰ পানচৈ উটি যায়' শীৰ্ষক প্ৰদৰ্শনমূলক এটি বক্তৃতানুষ্ঠানৰ অংশ স্বৰূপে মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে পৰিবেশন কৰে কেইবাটাও ভূপেন্দ্ৰ সঙ্গীত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য শ্ৰদ্ধেয় ড০ কন্দৰ্প কুমাৰ ডেকা ছাৰে এই সামগ্ৰিক কাৰ্যসূচীত উপস্থিত থাকি আমাক অনুপ্ৰাণিত কৰে। কাৰ্যসূচীৰ আঁত ধৰোঁতা সত্যব্ৰত দত্ত, সুকণ্ঠী গায়ক প্ৰশান্ত পোদ্দাৰ, আশিস বণিক আৰু কবিতা গোস্বামী প্ৰমুখ্যে সংশ্লিষ্ট সকলোলৈকে অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনায়।


















