সৰুপথাৰ মহাবিদ্যালয়ৰ এবছৰীয়া বৃত্তিমুখী পাঠ্যক্ৰম 'আধুনিক মীন পালন'ৰ শ্ৰেণীসমূহ নিয়মীয়াকৈ চলি আছে। যোৱা ৫ জুলাই তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়াৰ অনুৰোধ ক্ৰমে মীন মহাবিদ্যালয়ৰ পৰা আহিছিল ড০ ৰিংকু গগৈ ডাঙৰীয়া। তেখেতে মীন পালন সম্পৰ্কীয় পাঠদান আগবঢ়ায়। ইয়াৰোপৰি পুখুৰীত মাছ মেলাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কামখিনিৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰায়োগিকভাৱেও শিক্ষাৰ্থীসকলক সুন্দৰকৈ দেখুৱাই দিলে।







