The Assam College Principals' Council, Jorhat Zone, held its event at Sarupathar College.

Home >NewsEvent >The Assam College Principals' Council, Jorhat Zone, held its event at Sarupathar College.
২৭ আগষ্ট, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাজেন ফুকন সোঁৱৰণি সভাগৃহত অসম কলেজ অধ্যক্ষ পৰিষদ, যোৰহাট মণ্ডলৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সমন্বিতে শিক্ষকবৃন্দই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটি সমবেত গীতৰে আৰম্ভ কৰা সভাখনত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আদৰণি ভাষণ প্ৰদান কৰে। যোৰহাট মণ্ডলৰ সভাপতি সন্মানীয় ড০ বিজয় কৃষ্ণ পাচনি ছাৰৰ সভাপতিত্বত সম্পাদক ড০ পবিত্ৰ চুতীয়াই আঁত ধৰা এই কাৰ্যসূচীত ষোলগৰাকী অধ্যক্ষই কেইবাটাও দিশত আলোচনা তথা মত বিনিময় কৰে। সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীবিশ্বজিৎ ফুকনক বিধান সভাত কলেজসমূহৰ হকে প্ৰদান কৰা তেখেতৰ বলিষ্ঠ মন্তব্যৰ বাবে মাণ্ডলিক অধ্যক্ষ পৰিষদে বিশেষ সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড০ দুলেন শইকীয়া আৰু কাৰ্যবাহী সদস্য ড০ জাহ্নৱী লহকৰ বৰুৱাও এই সভাত উপস্থিত আছিল। মণ্ডলৰ সভাপতি ড০ বিজয় কৃষ্ণ পাচনিক এই সভাতে বিদায়ী সম্বৰ্ধনা জনোৱা হয়। সৰুপথাৰ মহাবিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সভা এখন অনুষ্ঠিত হয়।