Freshers Day Celebration 2025

Home >NewsEvent >Freshers Day Celebration 2025
৩০ আগষ্ট, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত নৱাগত আদৰণী সভাখনি অনুষ্ঠিত হয় । উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক শ্ৰীযুত পংকজ বৰঠাকুৰ ডাঙৰীয়া। তেখেতৰ প্ৰেৰণাদায়ক ভাষণে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলকো সমৃদ্ধ কৰিলে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰী কৃষ্ণ বৰুৱা।
 
২০২৫ বৰ্ষত সৰুপথাৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক অভিজিৎ ফুকনক ( বিশ্ববিদ্যালয়ৰ ২য়  স্থান প্ৰাপ্ত) ইন্দ্ৰেশ্বৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে পাঁচ হাজাৰ টকা, এটা স্মাৰক আৰু মানপত্ৰ। অধ্যক্ষ ড০ প্ৰাপ্তি ঠাকুৰ মহোদয়াৰ ককাদেউতাৰ সশ্ৰদ্ধ সোঁৱৰণত ২০২৩ চনৰ পৰা এই বঁটা আগবঢ়াই আহিছে। সেইদৰে বাণিজ্য বিভাগৰ উদ্যোগত অনিৰ্বাণ পালক শ্ৰেষ্ঠ স্নাতকৰ (বাণিজ্য) বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়।
 
ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী প্ৰিয়ংকা বৰাই ২০২৫ বৰ্ষৰ 'শ্ৰেষ্ঠ শিক্ষাৰ্থী'ৰ সন্মান লাভ কৰে। সৰুপথাৰ মহাবিদ্যালয় সুদক্ষ কৰ্মচাৰী বৰুণ কৰ্মকাৰ, অসীম গগৈ আৰু বিটু গঞ্জুলৈ তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰ বাবে মহাবিদ্যালখনে আগবঢ়ায় বিশেষ সন্মান। নৱাগত আদৰণী সভাৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল কণ্ঠশিল্পী মীৰ দ্বীপ গগৈৰ গীতৰ শৰাই। ছাত্ৰ একতা সভাৰ সভাপতি ৰিতুপণ শ্ৰেষ্ঠৰ সভাপতিত্বত নৱাগত আদৰণি সভাৰ আঁত ধৰে বুৰঞ্জী বিভাগৰ ছাত্ৰ কুলদীপ গগৈয়ে।