১৬ আগষ্ট, ২০২৫ তাৰিখে আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ক্ৰীড়া - ভাৰতী, গোলাঘাট জিলাৰ উদ্যোগ আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত কালি সৰুপথাৰ সমজিলা ভিত্তিক বাচনিমূলক ক্ৰীড়া কুইজ এখনি সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰে। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা এই প্ৰতিযোগিতাৰ বিজয়ীসকলে অহা ২৫ আগষ্ট তাৰিখে হ'বলগীয়া গোলাঘাট জিলা ভিত্তিক কুইজত অংশগ্ৰহণ কৰিব। স্নাতক পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় সৰুপথাৰ মহাবিদ্যালয়ৰ দুলেশ্বৰ শইকীয়া- পৰিস্মিতা বৰা, দ্বিতীয় স্থানৰ নিপু শইকীয়া- কিশোৰ বৰাৰ লগতে নিম্ন আৰু উচ্চ শাখাৰ সৰ্বমুঠ নটা দলক নিৰ্বাচিত কৰা হয়। এই সুন্দৰ কুইজখনৰ উদ্যোক্তা ক্ৰীড়া ভাৰতী, গোলাঘাট জিলাৰ শ্ৰীৰমেশ বৰা, সৰুপথাৰ কুইজ ফ'ৰামৰ শ্ৰীসত্যব্ৰত দত্ত, কুইজ পৰিচালক হিচাপে আছিল আদিত্য ফুকন আৰু ৰাহুল দত্ত।






