Inauguration of the replica of Nagajuri-Khanikar stone inscription displaying 5th Century Kamrupi Lipi

Home >NewsEvent >Inauguration of the replica of Nagajuri-Khanikar stone inscription displaying 5th Century Kamrupi Lipi
নগাজৰি-খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ড লিপিখনিৰ এটি প্ৰতিকৃতি (replica) ১১ আগষ্ট, ২০২৫ তাৰিখে সৰুপথাৰ মহাবিদ্যালয় প্ৰাংগনত উন্মোচন কৰা হয়। মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই সৰুপথাৰৰ নগাজৰি খনিকৰ গাঁৱত ১৯৭২ চনত উদ্ধাৰ হোৱা অসমৰ এই দ্বিতীয়খন লিপিৰ এটি প্ৰতিকৃতি মহাবিদ্যালয়ত স্থাপন কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছিল। এই ক্ষেত্ৰত সামগ্ৰিকভাৱে সহযোগিতা আগবঢ়ালে সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীবিশ্বজিৎ ফুকনে। অতি সুন্দৰকৈ এই প্ৰতিকৃতি তৈয়াৰ কৰিলে নিপুণ ভাস্কৰ্য শিল্পী পংকজ শইকীয়াদেৱে। আৰু ১১ আগষ্ট তাৰিখে মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ - ছাত্ৰীৰ উপস্থিতিত এই প্ৰতিকৃতি উন্মোচন কৰা হয়। 
 
নগাজৰি-খনিকৰ গাঁও প্ৰস্তৰখণ্ড লিপি :
দৈয়াং-ধনশিৰি উপত্যকাই সামৰা সৰুপথাৰৰ নগাজৰি-খনিকৰ গাঁৱৰ লুডুৰাম শইকীয়াদেৱৰ ঘৰৰপৰা ১৯৭২ চনত উদ্ধাৰপ্ৰাপ্ত এই প্ৰস্তৰ খণ্ডলিপিখন আনুমানিক খ্ৰীষ্টাব্দ চতুৰ্থ শতিকাৰ শেষ নাইবা পঞ্চম শতিকাৰ আদি ভাগৰ কামৰূপী লিপিৰ নিদৰ্শন। এই লিপিৰ আখৰৰ সৈতে গুপ্ত লিপিৰ মিল দেখা যায়।