সেউজ আৰু সুস্থ-সতেজ পৰিৱেশ বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে সৰুপথাৰ মহাবিদ্যালয়ত "সেউজ সৈনিক প্ৰকৃতি ক্লাৱ" গঠন।

Home >NewsEvent >সেউজ আৰু সুস্থ-সতেজ পৰিৱেশ বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে সৰুপথাৰ মহাবিদ্যালয়ত "সেউজ সৈনিক প্ৰকৃতি ক্লাৱ" গঠন।

সৰুপথাৰ মহাবিদ্যালয়ত প্ৰকৃতি সংৰক্ষণৰ উদ্দেশ্যেৰে "সেউজ সৈনিক প্ৰকৃতি ক্লাৱ" গঠন। পৰিৱেশ সুৰক্ষাৰ বাৰ্তাৰে সৰুপথাৰ মহাবিদ্যালয়ত সেউজ সৈনিকৰ শপত গ্ৰহণ।

সৰুপথাৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি আৰু প্ৰকৃতি সংৰক্ষণৰ এক মহান উদ্দেশ্যেৰে ১০ অক্টোবৰ, ২০২৬ তাৰিখে "সেউজ সৈনিক প্ৰকৃতি ক্লাৱ" আনুষ্ঠানিকভাৱে গঠন কৰা হয়। প্ৰকৃতি সুৰক্ষাৰ এই পদক্ষেপক আগুৱাই নিবলৈ আজি ১৭ জনীয়া সদস্যৰে ক্লাৱৰ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। নৱগঠিত এই সমিতিখনৰ সভাপতি হিচাপে মহাবিদ্যালয়ৰ ছাত্ৰ শ্ৰী বিশ্বজিত দেৱ, উপ-সভাপতি হিচাপে পবিত্ৰ ফুকন, সম্পাদক হিচাপে ৰিচিকা গোস্বামী, সহকাৰী সম্পাদিকা হিচাপে চুইটি বৰা আৰু কোষাধ্যক্ষ হিচাপে নয়ন গগৈক দায়িত্ব অৰ্পণ কৰা হয়। ক্লাৱটোৰ কাৰ্যসূচীসমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰ আৰু বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই। ইয়াৰ লগতে সম-সমন্বয়ক হিচাপে শ্ৰী যুগল মেধিক দায়িত্বভাৰ প্ৰদান কৰা হৈছে।

সমিতি গঠনৰ সমান্তৰালকৈ ক্লাৱৰ সদস্যসকলে প্ৰকৃতিক ভাল পোৱা, সংৰক্ষণ কৰাৰ লগতে পানী, মাটি, বায়ু আৰু জীৱ-বৈচিত্ৰ্য সুৰক্ষাৰ বাবে শপত গ্ৰহণ কৰে। ক্লাৱৰ মূল নিয়মাৱলী আৰু উদ্দেশ্যসমূহৰ ভিতৰত মহাবিদ্যালয় চৌহদ সেউজ আৰু পৰিষ্কাৰ কৰি ৰখা, প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে হ্ৰাস কৰা, জল আৰু শক্তি সংৰক্ষণ কৰা আদি উল্লেখযোগ্য। ক্লাৱটোৱে "এজন সদস্য–এজোপা গছ" নামৰ এক বিশেষ আৰু ব্যতিক্ৰমী অভিযান হাতত লৈছে, যাৰ জৰিয়তে প্ৰতিজন সদস্যই কেৱল গছ ৰোপণ কৰাই নহয়, গছজোপাক জীয়াই ৰখাৰো সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগিব। "এজোপা গছ—এটা জীৱন, সেউজ পৃথিৱী—সুন্দৰ ভৱিষ্যৎ" আদি মহান মন্ত্ৰৰে উদ্বুদ্ধ হৈ এই সেউজ সৈনিক দলে বৃক্ষৰোপণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, প্লাষ্টিকমুক্ত অভিযান আৰু প্ৰকৃতি ভ্ৰমণ আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে এখন সুস্থ আৰু সেউজ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।