১০ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ "ছাত্ৰ কল্যাণ নিধি"ৰ (Student Aid Funsd) উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে একাৱন্নগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ চাৰি হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হয়। মহাবিদ্যালয়ৰ তৰফৰ পৰা এনেদৰে প্ৰতি বছৰে একাংশ ছাত্ৰ-ছাত্ৰীলৈ সহায় আগবঢ়াই অহা হৈছে।









